ট্ৰাম্পৰ ঘোষণা- শীঘ্ৰে হ'ব এলিয়েন-ইউ'এফ'ও ফাইল মুকলি
আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ এক টুইট (এক্স) ক লৈ এতিয়া বিশ্বজুৰি চৰ্চা। ট্ৰাম্পে ঘোষণা কৰে যে তেওঁ শীঘ্ৰে নিৰ্দেশ দিব যাতে এলিয়েন আৰু ইউ'এফ'অ' বিষয়ৰ সকলো গোপন ফাইল ৰাজহুৱা কৰা হয়। কথাটোৱে অতদিনে ৰহস্যৰ মাজত থকা বিষয়টো যেন অধিক ৰহস্য ঘন কৰি তুলিলে। অৰ্থাৎ বহুতে দাবী কৰাৰ দৰে আমেৰিকাৰ হাতত আছে নেকি এলিয়েন, ইউ'এফ'ও ৰ কিবা গোপন তথ্য, অথবা বহিঃবিশ্বৰ প্ৰাণীৰে যোগাযোগ! এৰিয়া ৫১ ত সচাকৈয়ে আছে নেকি এলিয়েন আৰু ইউ'এফ'ও? সমগ্ৰ বিষয়টো চৰ্চাত আহিছিল আমেৰিকাৰ পূৰ্ব ৰাষ্ট্ৰপতি বাৰাক ওবামাই কিছু দিন আগতে এটা সাক্ষাৎকাৰত ইউ'এফ'অ' আৰু এলিয়েন সম্পৰ্কে দিয়া এক মন্তব্যৰ পিছতে। তাৰ পিছতে ট্ৰাম্পে কৰা ঘোষণাই বিষয়টোত এক নতুন মাত্ৰা প্ৰদান কৰিলে। এতিয়া জনতাই অপেক্ষা কৰিছে, চৰকাৰী তথ্যলৈ। আৰু সন্দেহ কৰিছে, এলিয়েনে শীঘ্ৰে বিশ্ববাসীৰ ওচৰত আনুষ্ঠানিক ভাবে নিজৰ অস্তিত্ব প্ৰমাণ কৰিব নেকি! বাধ্য হৈ ট্ৰাম্পে এই তথ্য সদৰী কৰিব ওলাইছে নেকি! এপষ্টিন ফাইলৰ পিছত এতিয়া বিশ্ব কপাবলৈ আহি আছে এলিয়েন ফাইল। জনাওক আপোনাৰ মতামত।
NEWS
2/20/20261 min read


আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ এক টুইট (এক্স) ক লৈ এতিয়া বিশ্বজুৰি চৰ্চা। ট্ৰাম্পে ঘোষণা কৰে যে তেওঁ শীঘ্ৰে নিৰ্দেশ দিব যাতে এলিয়েন আৰু ইউ'এফ'অ' বিষয়ৰ সকলো গোপন ফাইল ৰাজহুৱা কৰা হয়। কথাটোৱে অতদিনে ৰহস্যৰ মাজত থকা বিষয়টো যেন অধিক ৰহস্য ঘন কৰি তুলিলে। অৰ্থাৎ বহুতে দাবী কৰাৰ দৰে আমেৰিকাৰ হাতত আছে নেকি এলিয়েন, ইউ'এফ'ও ৰ কিবা গোপন তথ্য, অথবা বহিঃবিশ্বৰ প্ৰাণীৰে যোগাযোগ! এৰিয়া ৫১ ত সচাকৈয়ে আছে নেকি এলিয়েন আৰু ইউ'এফ'ও?
সমগ্ৰ বিষয়টো চৰ্চাত আহিছিল আমেৰিকাৰ পূৰ্ব ৰাষ্ট্ৰপতি বাৰাক ওবামাই কিছু দিন আগতে এটা সাক্ষাৎকাৰত ইউ'এফ'অ' আৰু এলিয়েন সম্পৰ্কে দিয়া এক মন্তব্যৰ পিছতে। তাৰ পিছতে ট্ৰাম্পে কৰা ঘোষণাই বিষয়টোত এক নতুন মাত্ৰা প্ৰদান কৰিলে।
এতিয়া জনতাই অপেক্ষা কৰিছে, চৰকাৰী তথ্যলৈ। আৰু সন্দেহ কৰিছে, এলিয়েনে শীঘ্ৰে বিশ্ববাসীৰ ওচৰত আনুষ্ঠানিক ভাবে নিজৰ অস্তিত্ব প্ৰমাণ কৰিব নেকি! বাধ্য হৈ ট্ৰাম্পে এই তথ্য সদৰী কৰিব ওলাইছে নেকি!
এপষ্টিন ফাইলৰ পিছত এতিয়া বিশ্ব কপাবলৈ আহি আছে এলিয়েন ফাইল।
জনাওক আপোনাৰ মতামত।
