গণৰাজ্য দিৱস ২০২৬। অসমৰ প্ৰতীক পট।
আজি ভাৰতে পালন কৰে ৭৭ সংখ্যক গণৰাজ্য দিৱস। দিল্লীত ৰাষ্ট্ৰপতি দ্ৰৌপদি মুৰ্মুৱে তিৰংগা উন্মোচনেৰে দেশৰ গণতন্ত্ৰৰ এই বিশেষ দিনটো আনুষ্ঠানিক ভাবে উদযাপন কৰে। প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে অন্যান্য মন্ত্ৰী, বিদেশৰ আমন্ত্ৰিত অতিথিও উপস্থিত থাকে। প্ৰতিখন ৰাজ্যই নিজৰ প্ৰতীক পট প্ৰদৰ্শন কৰে উপস্থিত জনতাৰ সমুখত। অসমে এইবাৰ টেৰাকোটা শিল্পৰ এক আটকধুনীয়া প্ৰতীক পট প্ৰদৰ্শন কৰি ৰাজ্যৰ শিল্প কলাক দেশবাসীৰ আগত ডাঙি ধৰে।
NEWS
1/26/20261 min read


