কেন্দ্ৰীয় বাজেট ২০২৬। চমু অৱলোকন।

১ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ২০২৬-২৭ বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেট দাখিল কৰে। এই বাজেটত বিশেষকৈ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰা হৈছে। • উত্তৰ-পূৰ্বাঞ্চলৰ বাবে আবণ্টন: ৬,৮১২ কোটি টকা । • তেজপুৰ মানসিক স্বাস্থ্য প্ৰতিষ্ঠান লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানক (LGBRIMH) এক আঞ্চলিক 'এপেক্স' প্ৰতিষ্ঠান (Regional Apex Institution) হিচাপে উন্নীত কৰা হ’ব। • আলফা (ULFA) সদস্যৰ পৰিয়াললৈ পেকেজ: প্ৰাক্তন আলফা সদস্যসকলৰ পৰিয়ালৰ উত্থানৰ বাবে চৰকাৰে ৫০০ কোটি টকাৰ বিশেষ পেকেজ ঘোষণা কৰিছে । • অন্যান্য জনগোষ্ঠীয় সাহায্য: অসমৰ আদিবাসী গোটসমূহৰ বাবে ৭০ কোটি টকা আৰু ডিমাছা জনগোষ্ঠীৰ লোকসকলৰ বাবে ৭০ কোটি টকাৰ সুকীয়া পেকেজ ঘোষণা কৰা হৈছে। • বৌদ্ধ চাৰ্কিট (Buddhist Circuit): অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৬খন ৰাজ্যত পৰ্যটনৰ বিকাশৰ বাবে বৌদ্ধ চাৰ্কিট উন্নয়নৰ পৰিকল্পনা কৰা হৈছে । • কৰ অংশীদাৰিত্ব বৃদ্ধি: ১৬ সংখ্যক বিত্তীয় আয়োগৰ পৰামৰ্শ অনুসৰি কেন্দ্ৰীয় কৰত অসমৰ অংশ ৩.১২৮% ৰ পৰা ৩.২৫৮% লৈ বৃদ্ধি কৰা হৈছে, যিয়ে ৰাজ্যখনৰ আৰ্থিক স্থিতি অধিক শক্তিশালী কৰিব । সাধাৰণ মানুহৰ বাবে কৰ আৰু ৰেহাই (Income Tax & Prices) • আয়কৰ (Income Tax): নতুন আয়কৰ আইন ২০২৬ চনৰ ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব। বিদেশ ভ্ৰমণৰ ক্ষেত্ৰত টিচিএছ (TCS)ৰ হাৰ ৫% লৈ হ্ৰাস কৰা হৈছে .। • কি কি সামগ্ৰীৰ দাম কমিব: ঔষধ (কৰ্কট আৰু ৭ বিধ জটিল ৰোগৰ), বেটাৰী, চামৰাৰ সামগ্ৰী, জোতা, সৌৰশক্তি উৎপাদনৰ সঁজুলি, মাইক্ৰ'ৱেভ অ'ভেন, ইলেকট্ৰিক বাহন আৰু বিমানৰ টিকট । • কি কি সামগ্ৰীৰ দাম বাঢ়িব: সুৰাৰ দাম বৃদ্ধি পাব । শ্ৰেণীভিত্তিক মুখ্য বৈশিষ্ট্যসমূহ খণ্ড (Sector) বাজেটৰ হাইলাইটসমূহ মহিলা সবলীকৰণ 'লাখপতি বাইদেউ' আঁচনিৰ সফল প্ৰয়োগ আৰু প্ৰতিখন জিলাতে ছোৱালীৰ বাবে এটাকৈ হোষ্টেল নিৰ্মাণ শিক্ষা আৰু প্ৰযুক্তি শিক্ষা খণ্ডত কৃত্ৰিম বুদ্ধিমত্তা (AI)ৰ ব্যৱহাৰ বৃদ্ধি আৰু উত্তৰ-পূৰ্বাঞ্চলত নতুন নেশ্যনেল ইনষ্টিটিউট অব্ ডিজাইন (NID) স্থাপন । আন্তঃগাঁথনি দেশজুৰি ৭টা নতুন হাইস্পীড ৰে'ল কৰিড'ৰ নিৰ্মাণ। স্বাস্থ্য - ৫টা আঞ্চলিক চিকিৎসা হাব (Medical Hub) নিৰ্মাণ আৰু দেশত ৩খন নতুন এইমছ (AIIMS) স্থাপন ।

NEWS

2/1/20261 min read

My post content